পৃষ্ঠা:লাচিত বৰফুকন.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় তাঙৰণৰ পাতনি।

 “লাচিত বৰফুকন” নাটক ভালেমান দিন ছপাৰ বাজ হৈ, পাবলৈ নোহোৱা হৈ আছিল। নানা ফালৰপৰা গ্ৰাহকৰ ওপৰা-উপৰিকৈ 'অৰ্ডাৰ’ পোৱা স্থলতো এই পুথি যোগান দিব পৰা নহৈছিল; কাৰণ, আমি আমাৰ আন কেইখনমান ডাঙৰ গ্ৰন্থ প্ৰকাশ কৰাত ব্যস্ত থকা হেতুকে ইয়াৰ নতুন তাঙৰণ উলিয়াবলৈ ছেগ ধৰিব পৰা নাছিলোঁ। এতিয়া, উপস্থিত মহাৰণৰ আলমত জাতীয় বীৰ পূজাৰ সময়োপযোগী অভিনয় কৰিবলৈ “লাচিত বৰফুকন” নাটকৰ অত্যাৱশ্যক বুলি ৰাইজে আৰু চৰকাৰে টানি ধৰাত, ইয়াৰ দ্বিতীয় তাঙৰণ অনতিপলমে উলিয়াবলৈ আগ বঢ়া হৈছে।

 ‘থিয়েটাৰ' পতা 'ষ্টেজ’ৰ সুচলাৰ্থে আগৰ আসোঁ ৱাহবোৰ গুচাবলৈ নাটকখনত হাত ফুৰাওঁতে ঠাই বুজি বঢ়া-টুটা ঘটিছে; ফলত পুথিৰ কলেৱৰ অলপ বাঢ়িছে। এইবাৰ আগৰ বৰ্ণাশুদ্ধি দোষাদোষ পৰিশোধন কৰাৰ উপৰি, ৰাইজৰ মনোৰঞ্জককৈ নাটকখনৰ ভাষা আগতকৈ প্ৰাঞ্জল কৰা গৈছে। ইতি-

“পদ্মকুটীৰ”, তেজপুৰ, অসম ।
৩০ ভাদ, ১৮৬৪ শক।
}  গ্ৰন্থকাৰ