পৃষ্ঠা:লাচিত বৰফুকন.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬১
লাচিত বৰফুকন।


গতিকে, মোৰ দৃঢ় বিশ্বাস, আমাৰ নতুন বৰসেনাপতি লাচিত বৰফুকনৰ হাতত এইবাৰ মোগলৰ সম্পূৰ্ণ পৰাজয় ঘটিব; আৰু আমাৰ মনোৰথ পুৰ্ণ হব। যি হওক, ইমানতে আজিলৈ এৰা হল; যুদ্ধৰ আয়োজনত ভাগে ভাগে যোগ দিয়াগৈহঁক।

 লাচিত।—স্বৰ্গদেৱৰ আজ্ঞা শিৰোধাৰ্য্য। মোৰ ক্ষুদ্ৰ শক্তিয়ে আজি অযাচিতে এনে প্ৰশংসা আৰু অনুগ্ৰহ লাভ কৰাৰ বাবে মই স্বৰ্গদেৱ প্ৰমুখ্যে সভাসদলৈ কৃতজ্ঞতা জনাইছোঁ। যি গুৰুতৰ কাৰ্য্যৰ ভাৰ মোৰ ওপৰত আজি ন্যস্ত হৈছে, তাক প্ৰাণপণে বহন কৰিবলৈ মোৰ যত্ন হব। মোগলক এই দেশৰপৰা সমূলঞ্চে বাজ কৰি হে উলটিম; নতুবা ৰণতে এই বিজিত দেহা বিসৰ্জ্জন দিম। এই দেশৰ নাম ‘অসম', আন দেশ এই দেশৰ সমান হব নোৱাৰে,-নতুবা অসম প্ৰতাপী স্বৰ্গদেৱ চুকাফাৰ নাম-গৌৰৱ ৰক্ষা নপৰে। অসমৰ অসমীয়া প্ৰজা আনৰ তলতীয়া হব নোৱাৰে; স্বাধীন অসমক পৰাধীন হবলৈ নিদিওঁ। অখণ্ড অসম দ্বিখগু হব নোৱাৰে; গুৱাহাটী উদ্ধাৰ কৰি অসম অখণ্ড কৰি হে বহিম। এয়ে মোৰ দৃঢ় সংকল্প। তদৰ্থে মই প্ৰাণপণে যুঁজিম। এয়ে মোৰ ৰণ-মন্ত্ৰ। “মন্ত্ৰৰ সাধন কিম্বা শৰীৰ পতন”; টলে যদি হিমাচল, নটলে প্ৰতিজ্ঞা মোৰ।

 সভাসদ।—ধন্য ধন্য লাচিত বীৰ! ধন্য তোমাৰ ৰণ-তেজ! ধন্য তোমাৰ স্বদেশপ্ৰেম!


অঙ্কপাত।