পৃষ্ঠা:লাচিত বৰফুকন.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫৭
লাচিত বৰফুকন।

চই ৰহিত কৰিবলৈ চাব লাগে; তাৰ পাচত আমাৰ হেৰোৱা ৰাজ্য উদ্ধাৰ কৰি সেই ছোৱাৰ উৎপন্নেৰে বিপন্ন ইছোৱাত সহায় কৰিবলৈ যুগুত বিধান কৰা হব লাগে। ইয়াকে কৰিব নোৱাৰিলে আমাৰ ৰাজ্য ৰসাতললৈ যোৱাটো ধ্ৰুব নিশ্চয় কথা।

 ‘লাচিত।—স্বৰ্গদেৱে কোৱা আটাইখিনি কথা যুক্তিসঙ্গত। পিচে, পেচ্‌কচ্, আৰু চই ৰহিত কৰাৰ অৰ্থে ৰণ দিয়া নহব জানো?

 বুঢ়াগোহাঞি।—যুক্তিৰ ভিতৰ নোসোমালে অৱশ্যে ৰণ দিব লাগিব, তাৰ নিমিত্তে চিন্তা কি?

 বৰগোহাঞি।— চিন্তা হব লগীয়া কথা। একেই তো ৰাজ্যৰ দুৰৱস্থা, তাতে ৰণ-বিগ্ৰহ লগাই ললে আৰু তললৈ হে যাব।

 লাচিত।—নাযায় তললৈ, তেতিয়া ওপৰলৈ হে উঠিব। কিয়নো, বৰ্ত্তমান মোগলৰ দখলত থকা আমাৰ হেৰোৱা ৰাজ্যছোৱাৰ প্ৰজাৰ অৱস্থা এতিয়াও টনকিয়াল হৈয়ে ৰৈছে। ৰণ দি সেই ছোৱা আকৌ আমাৰ হাতলৈ আনি লব পাৰিলে, তাৰে সৈতে অৱস্থা মিলাই ইছোৱাৰ অৱস্থাও উন্নত কৰি লব পৰা যাব। আৰু,ৰণত মোগলক জিনিম যে,তাত সন্দেহ নাই।

 বৰপাত্ৰ।—ৰণ লাগি উঠিলে তাৰ নিমিত্তে আকৌ খৰচ নালাগিব জানো? পিচে, সেই খৰচ নো ৰাজ্যৰ এনে দুৰৱস্থাত কৰপৰা যোগাৰ কৰা হব?

 বুঢ়াগোহাঞি।—সেইটো অৱশ্যে ভাবিব লগীয়া কথা। কিন্তু ৰাইজৰ ওপৰত বৰঙ্গনি পেলাই পেচ্কচ্ ৰ অৰ্থে যি সাত লাখ টকা তুলি গোলাঘৰ বান্ধি আচুতীয়াকৈ থোৱা হৈছে, তাকে আমি ৰণৰ খৰচত লগাব পাৰোঁ। আৰু, তাকে কৰি ৰাজ্যৰ অৱস্থা ক্ৰমাৎ পৰি যোৱাৰ গতি আমি ৰোধ কৰি লব পাৰিম। বিশেষ, এতিয়াও আমি যোৱা বছৰৰ চই শোধাব পৰা নাই; নেশোধালে এনেও বিষাদ লাগিবই; অথচ সেই শোধাবলৈ বাকী থকা খিনিও আমি ৰণৰ খৰচত লগাব পাৰিমহঁক।