পৃষ্ঠা:লভিতা.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক-১ম দৰ্শন]
লভিতা
 

সেই দিনাৰে পৰা সিহতে আমাৰ ওপৰত এই শাসন চলাব নোৱাৰে। অৱশ্যে তাৰ বাবে সিহঁতে আমাক বলেৰে ছলেৰে, কৌশলেৰে ভয় দেখুৱাই নানা অত্যাচাৰ কৰি বইচ মনাবলৈ সকলো চেষ্টা কৰিব—কিন্তু আমি যদি সকলো সহ্য কৰি, ত্যাগ কৰি-কষ্ট-অত্যাচাৰ বুকু পাতি লৈ সেই অগ্নি-পৰীক্ষা পাৰ হব পাৰো—তেন্তে এই শাসকসকলে আনাৰ স্বাধীনতাৰ অধিকাৰ নামানি কলৈ যাব? সেই কাৰণেই কৈছো নিৰস্ত্ৰ হলেও আমাৰ হাতত অমোঘ অস্ত্ৰ আছে। সেই অস্ত্ৰ প্ৰয়োগ কৰি তাৰ বাবে যি ত্যাগ আৱশ্যক অকাতৰে তাক কৰিব পাৰিলে আমাৰ বিজয় অনিবাৰ্য।

(আটাইবোৰে তভক্ মাৰি শুনি থাকে।)

ইয়াকে কৰিবলৈ হলে—দেশ জাগিব লাগিব। দেশৰ মুনিহ, তিৰোতা, ডেকা, গাভৰু, আদহীয়া, বুঢ়া, ধনী, দুখীয়া সকলোৱেই আগবাঢ়িব লাগিব। সকলো ওলাব লাগিব। আজি এই পৃথিৱীজোৰা মহাসমৰত পূবৰ পশ্চিমৰ সকলো দেশে, মহাদেশে জুই জ্বলিব লাগিছে। যাৰ স্বাধীনতা হেৰুৱাইছে সি স্বাধীনতাৰ কাৰণে মূৰ দাঙি উঠিছে। সেই কাৰণে আজি আমিও ওলাইছো—দেশক জগাবলৈ, দেশক উদ্বুদ্ধ কৰিবলৈ। সকলো ওলাব লাগে। দেশক ৰণ সাজে সজ্জিত কৰিবলৈ আমি ককালত টঙালি বান্ধিব লাগিব।

১৩