পৃষ্ঠা:লভিতা.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা।
প্ৰথম অঙ্ক
প্ৰথম দৰ্শন

ঠাই- লহৰজান মৌজাৰ
ফুলগুৰি গাঁও
সময়-সন্ধিয়াৰ আগভাগ

 গোলাঘাট “লহৰজান এয়াৰড্ৰম”ৰ তেনেই ওচৰৰ বহল পথাৰৰ কাষত ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতাল। এফালে ভঁড়াল-ঘৰটো দেখা গৈছে আৰু এফালে বহু দূৰলৈকে পথাৰ দেখা গৈছে। দূৰৈত নগা পৰ্ব্বতৰ শাৰী জিলিকি আছে। সময় সন্ধিয়াৰ আগভাগ। লহিওৱা বেলিৰ ৰ'দ এচেৰেঙা আহি চোতালত জিক্‌মিকাই আছে। ঘৰৰ ওপৰেদি থোকাৰ তামোল গছ আৰু আম লেটেকুৰ গছ দেখা গৈছিল। ভঁড়ালৰ কাষত এজোপা নাহৰ গছ আৰু আগত এজোপা তগৰ ফুলি আছিল। বহাগ সোমাইছে মাথোন। দূৰণিৰ পৰা টকা, পেপাৰ মাত আৰু ৰিণিকি ৰিণিকিকৈ বনগীত মাজে মাজে শুনো-নুশুনোকৈ ভাহি আহিছিল। বাণেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক চোতালতে মূঢ়া এটাত বহি এৰী সূতা কাটি আছিল। ওচৰতে এটা কুকুৰ-পোৱালিয়ে হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই ফুৰিছিল। বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। দেখিবলৈ বগা আৰু শুৱনী। তাই মাজে মাজে বনগীত এফাঁকি দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে, আকৌ বন-গীত গাই তাই ৰ'লে কেতিয়াবা দূৰৈৰ বনগীত এফাঁকি উটি আহে। তাই ৰ' লাগি ৰৈ শুনে। তাৰ পিছত নিজেই গায়।