পৃষ্ঠা:লট্‌কন্‌.pdf/৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৮)

উপায়ো নিশ্চয় জানা। এতেকে কাবৌ কৰি মাতিছো, গ্ৰাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰাৰ দৰে, তুমিও আমাক উদ্ধাৰ কৰা”।

বগলীয়ে কলে, "মই এটা নগণ্য চৰাই-মানুহৰ লগত ফেৰ মাৰিব নোৱাৰোঁ। সি যিকি নহওক, মই তোমালোকক এই পুখুৰীৰ পৰা নি আন এখন দ সৰোবৰত মেলি দিবগৈ পাৰোঁ”। তাৰ পানী-নসৰকা মিছা কথাত ভোল গৈ সিহঁতে তাক "মোমাই, 'মিতা', 'মহানুভৱ জ্ঞাতি' আদি সম্বন্ধ ধৰি "পোনতে মোক সেই সৰোবৰলৈ নিয়া-পোনতে মোক সেই সৰোবৰলৈ নিয়া” বুলি কুতুৰিবলৈ ধৰিলে।

সিহঁতৰ কথা শুনি মহাপাপী ধূৰ্তই মনতে হাঁহি ভাবিলে, 'কূট বুদ্ধি খটাই মাছবোৰ তেনেই বশ কৰি ললোঁ-সিহঁতক খাই মোৰ এতিয়া বৰ তৃপ্তি লাগিব'। সেই দেখি সি মাছৰ প্ৰস্তাৱত ততালিকে সন্মত হল আৰু মাছবোৰ ঠোঁটত লৈ গৈ, ওচৰত থকা বহল শিল এচটাত ওপৰৰ পৰা পেলাই মাৰি, মহাসুখে খাবলৈ ধৰিলে। এতিয়া তাৰ আনন্দৰ সীমা নাই। এই অনুক্ৰমে মাছ নি সি দিনৌ খাবই লাগিছে। পুখুৰীত থকা মাছবোৰক সি নতুন নতুন ছলাহী কথা কৈ-ছলিবলৈ ধৰিলে।

ভয়ত কেঁকোৰাৰ টোপনি নহা হল। সি এদিন বগলীক কলে, "মোমাই, মোকো যমৰ হাতৰ পৰা এৰুৱাই আনা”! বগলীয়ে ভাবিলে, 'সদায় মাছ খাই খাই বৰ আমনি লাগিছে। আজি মুখ সলাই ইয়াকে