পৃষ্ঠা:লট্‌কন্‌.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২১)


কলে, "মতৰী তিৰী, মই আজি ভালেমান দিনৰে পৰা তোৰ বদ্‌স্বভাৱৰ কথা তলে তলে শুনি আহিছোঁ; এতিয়া তাৰ প্ৰমাণ নিজে পালোঁ। তই হবলা মোৰ চকু দুটা বাটলু গুটি বুলি ভাবিছ”! ইয়াকে কৈ সি ৰাইডাঙেৰে কোবাই তাইৰ পিঠি ফাল ফাল কৰিলে আৰু খুঁটা এটাত তাইক মেৰমেৰ কৰে বান্ধি পেলালে। মদৰ ৰাগীয়ে বৰকৈ ধৰাত ইয়াৰ পাছত তাৰ তাতে টোপনি আহিল।

তাঁতীৰ টোপনি অহা দেখিয়েই তাঁতীয়নীৰ সখীয়েক নাপিতনীয়ে তাইৰ ওচৰলৈ আহি কলে, "ৰঙিলী, তই বিহুৱাক যত লগ পাম বুলি কৈছিলি, সি তাত তোলৈ ৰৈ আছেহি; বেগতে তালৈ যা।” তাই কলে, “চকমলা বাইটী, এনে অৱস্থাত মই তাক কি সাধ্যে দেখা কৰিমগৈ। বধ লাগে তাক কগৈ হেনে মই আজি মৰিতো তাৰ ওচৰলৈ যাব নোৱাৰোঁ"।

নাপিতনীয়ে কলে, "তই যিদৰে কৈছ সেইদৰে তাক কবলৈ হলে সি মোক মানুহ বুলিবনে-গৰু বুলিব? মাথোন অলপ সাহ কৰ; তাক বিমুখ নকৰিবি-পাপে চুব একা।”

তাঁতীৰ ঘৈণীয়েকে কলে, "বাইটী, তই ভাল কথাহে কৈছ; পাছে মই তাৰ ওচৰলৈ যাব পৰা বুধি এটা উলিয়াচোন বাৰু! ভাবি চা, সি মোক পঘা লগাই খুঁটাত বান্ধি থৈছে-তদুপৰি গৰুটো ওচৰতে শুই আছে।” নাপিতনীয়ে