পৃষ্ঠা:লট্‌কন্‌.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২০)


তাঁতীৰ ঘৈণীয়েকে ভাল কাপোৰকানি পিন্ধি ৰমকজমক হৈ তাইৰ প্ৰেমিকৰ ওচৰলৈ ঢাপলি মেলিলে।

সৰহ দূৰ নৌ যাওঁতেই তাই তাইৰ গিৰিয়েকৰ লগত মুখামুখি হলগৈ। সি একলহ মদ আৰু এটোপোলা মঙহ লৈ ঘৰলৈ উলটি আহিছিল। সেই সময়ত সি পূৰা মতোৱাল-চুলিবোৰ আউলবাউল হৈ তাৰ মুখত পৰিছিল আৰু সি ঢলকুচিয়াই আহিছিল। তাক দেখা মাত্রকে তাই তাৰ ফালে পিঠি দি ঘৰৰ ফালে লৰ দিলে আৰু সাজ-কাপোৰ আৰু অলঙ্কাৰ সোলোকাই, আনকাল ঘৰত পিন্ধা সাজ পিন্ধি, বহি থাকিলহি। তাই পলাই অহা তাঁতীয়ে স্বচক্ষে দেখিছিল আৰু তাই সামৰণ কাপোৰ পিন্ধি যোৱাও সি ভালকৈ লক্ষ্য কৰিছিল। সি তাৰ ঘৈণীয়েকৰ বেয়া স্বভাৱৰ কথা ওচৰচুবুৰীয়াই বুবু-বাবা কৰা আগেয়েও শুনিছিল; আজি তাৰ প্রমাণ হাতে হাতে পাই তাৰ বৰ খং উঠিল আৰু ভিতৰলৈ গৈ তাইক কলে, "অসতী তিৰী, খন্তেকৰ আগতে মই তোক বাটত লগ পাইছিলো নহয়! তেতিয়া তই কলৈ গৈছিলি”?

তাই ঘপৰাই কলে, “মই বামুণজন লগত লৈ তোমাৰ লগ এৰিছোঁ - তেতিয়াৰে পৰা ঘৰ লৰিছে যদিও মই লৰা নাই। মদ খাই মতলীয়া হৈ এইবোৰ কি বকিছা”?

সঁচা কথাটো নাইনুই কৰা শুনি আৰু কাপোৰ সলোৱা দেখি সি