পৃষ্ঠা:লট্‌কন্‌.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪)

গাধটো কান্ধত তুলি লৈ ফুৰোৱা বৰ অশোভন হৈছে। কাৰণ, মৰা গাধ ছোৱা মানুহজনে কাপোৰকানি তিয়াই নৈত স্নান কৰিলেহে শুচি হয়—সেই কথা আপোনাৰো অবিদিত নহয়। মই আপোনাৰ ভাল লৈ বুলিহে কৈছোঁ, দেউ! এতেকে আনে নৌ দেখোতেই কান্ধৰ পৰা গাধটো পেলাই দিয়ক”।

সেই কথা শুনি বামুণজনে, ছাগলিটো কোনোবাই মন্ত্ৰৰ বলেৰে কুকুৰ, গৰু নাইবা গাধ কৰিলে বুলি ভাবি, তাক তাতে থেকেচা মাৰি পেলাই, ঘৰৰ ফালে গুচি গল। ধূৰ্ত্ত তিনটাই তাক টেপা মাৰি মাৰি, তাৰে ভোজ পাতিলে।

ঠগ আৰু সন্ন্যাসী।

এখন জিলাৰ এডোখৰ নিজান ঠাইত এটা মঠ আছিল। তাত দেৱদত্ত নামেৰে এজন সন্ন্যাসী বাস কৰিছিল। যজমানৰ ঘৰত শান্তিস্বস্ত্যয়ন আৰু শৰাধ-বিধি কৰি পোৱা ভাল ভাল কাপোৰ-গামোচা বেচি, সময়ত তেওঁ বৰ ধনী হল। ধন হলে মানুহে কাকো বিশ্বাস নকৰা হয় আৰু তেওঁৰো সেয়ে হল। তেওঁ ধনখিনি মোনা এটাত ভৰাই, কি দিন কি ৰাতি—সকলো 'সময়তে, কাষলতিৰ তলত বান্ধি লৈ ফুৰিছিল।