পৃষ্ঠা:যৌন-তত্ত্ব.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
যৌন-তত্ত্ব

ইয়াকে স্বপ্নত, ইয়াকে কল্পনাত, ইয়াৰে উদ্দীপনাত সহস্ৰ সহস্ৰ নৰ-নাৰীয়ে প্ৰাণ দিব লাগিছে।

 ভৱিষ্যতক বাদ দিলে মানুহৰ অতীত আৰু বৰ্ত্তমান অৰ্থশূন্য হৈ পৰে। এই ভবিষ্যত কল্পনাই এনে এখন সমাজৰ কল্পনা কৰে যাৰ প্ৰাণীসকল হয়তো আজিও ওপজা নাই। আত্মগত মহত্ত্ব সাধনৰ এই বিৰাট প্ৰচেষ্টা মানৱমনৰ শ্ৰেষ্ঠ অনুভূতি৷ এই চেষ্টায় মানুহৰ উন্নতিৰ বাট মোকলায় আৰু বহলাই দিব, আৰু সমাজৰ তুষ্টি আৰু পুষ্টি সাধন কৰিব।

 ভৱিষ্যৎ মানৱৰ সৃষ্টিকৰ্ত্তা বৰ্ত্তমান মানব। স্বাভাৱিক আকৰ্ষণৰ দ্বাৰা মানৱ-মানৱী দুয়োৰে দুয়ো ওচৰ চাপিব; আনন্দৰ আহ্বানত দুয়োৰো মিলন হব, প্ৰকৃতিয়ে চেগ চাই এই মিলনৰ মাজেৰে নিজ কাৰ্য্য সাধি জীৱ সৃষ্টি কৰে; গতিকেই আজিৰ যৌন মিলনৰ ফল কালিৰ জীৱ সৃষ্টি—ভবিষ্যত সমাজ।

 জগতৰ সকলো মহিমাকে পৰাস্ত কৰি জয়লাভ কৰিছে মানৱৰ মনুষ্য সৃষ্টিৰ অপ্ৰতিহত, প্ৰকৃতিগত এই শক্তিয়ে। এই মহান, এই পৱিত্ৰ সৃষ্টি প্ৰক্ৰিয়াক প্ৰকৃষ্টভাৱে অভিনন্দিত কৰিবলৈ আমি আমাৰ ডেকা-গাভৰুক শিক্ষা দিয়া উচিত।

 যৌন মিলনৰ বিষয়ে চিন্তা কৰিলে তাৰ তিনিভাগে ভাগ কৰি চাব লাগিব; প্ৰথমতে প্ৰেমৰ ৰাজ্যত তাৰ স্থান; দ্বিতীয়তে কামনা চৰিতাৰ্থত তাৰ সাৰ্থকতা আৰু সন্তান উৎপাদনত তাৰ মূল্য। যৌন মিলনৰ আকাঙ্ক্ষাই মনুষ্যৰ শ্ৰেষ্ঠ বিভূতি, পৱিত্ৰ আৰু মধুৰ প্ৰেমৰ জন্মদাতৃ। তাত কাৰো সন্দেহ থাকিব নোৱাৰে, প্ৰেমৰ অনভূতি জগতৰ এটা পৰম সত্য সম্পদ; ই জীৱনক পৱিত্ৰ, মধুৰ কৰে, আৰু জীৱনৰ পূৰ্ণতা সাধনত সৰ্ব্বপ্ৰকাৰে সহায় কৰে। কিন্তু যৌন-মিলনৰ ব্যাঘাত, বা ব্যতিক্ৰমত প্ৰেমৰ প্ৰফুল্ল আৰু সুগন্ধী ফুলপাহি ক্ৰমে জই পৰি যোৱা দেখা যায়। যৌন মিলনৰ সম্পূৰ্ণ অযোগ্য এজন ডেকা বা গাভৰুৱে আন এজন গাভৰু বা ডেকাক ভাল পোৱা অসম্ভৱ নহয়। বিশেষ বন্ধুত্ব সূত্ৰে তেওঁলোকৰ বিবাহো হব পাৰে; কিন্তু সেই বিবাহৰ ফলত তেওঁলোকৰ প্ৰেমে সাৰ্থকতা বিচাৰি নাপাব বুলি আমাৰ বিশ্বাস, সেই বিবাহ প্ৰেমৰ অকাল সমাধি স্বৰূপ হব, তাত সন্দেহ নাই।

 কামনাৰ চৰিতাৰ্থত যৌন মিলনৰ স্থান কি তাক বহলাই কোৱা অনাৱশ্যক। কামনা পৰম্পৰৰ মিলনৰ আগ্ৰহ; গতিকেই মিলনত দুয়ো পক্ষৰে অপাৰ আনন্দ। কিন্তু দুয়ো দুয়োকো দেহে, মনে, প্ৰাণে কামনা নকৰিলে মিলনৰ আনন্দ পৰিপূৰ্ণ হব নোৱাৰে। সন্তান উৎপাদন আৰু পালন ক্ষেত্ৰত ইয়াৰ মূল্য সবাতোকৈ অধিক, সন্তানে মাক আৰু বাপেকৰ মন আৰু শৰীৰ সম্পূৰ্ণৰূপে নাপালেও আংশিকভাৱে যে পায় তাত সন্দেহ নাই। বাপেক-মাকৰ প্ৰকৃতিয়ে, ৰোগ-ব্যাধিয়ে, অসুখ-অশান্তিয়ে সন্তানক স্পৰ্শ কৰা প্ৰায়ে দেখা যায়, গতিকেই ভৱিষ্যত সমাজৰ কল্যাণ চিন্তা কৰিলে যৌন মিলনৰ বিষয়ে বিশেষ চিন্তা কৰিবয়ে লাগিব। জীৱ-সৃষ্টিৰ আদিতে যৌন মিলনত সন্মতি দিয়াৰ আগতে স্ত্ৰী-পুৰুষৰ যোগ্যতাৰ বিচাৰ কৰা উচিত হব। দুয়োৰো শৰীৰ আৰু মনৰ সুস্থতা বিষয়ে সমাজে আৰু নিজেও নিজৰ আৰু সমাজৰ কল্যাণৰ অৰ্থে, ভাবি চোৱা যুগুত হব। তদুপৰি যৌন মিলনৰ আনন্দ উপভোগ কৰোতে সন্তান উৎপাদন বিষয়ে (সংখ্যা আৰু স্বাস্থ্য সম্বন্ধে) উচিত দিহা নকৰিলে সন্তানৰ ওচৰত আৰু ভৱিষ্যত সমাজৰ ওচৰত আমি নিশ্চয় দায়ী হম। এনে আৱশ্যকীয় এটা বিষয়তো সমাজৰ উদাসীনতা আৰু অজ্ঞতা দেখিলে দুখ নালাগি নোৱাৰে। ইয়াৰ ফলত ঘৰে ঘৰে দুৰ্ব্বল, অশক্ত, ৰুগীয়া, অপৰিতৃপ্ত জীৱৰ সৃষ্টি আৰু অলেখ অকৰ্ম্মণ্য সন্তান উৎপাদন আৰু সাংঘাতিক ৰোগৰ বিস্তাৰ হয়। মুঠতে এই লাগতিয়াল বিষয়ে উপযুক্ত জ্ঞানৰ অভাৱত বিবাহিত জীৱনৰ আনন্দ কমি গৈছে; সমাজৰ অধোগতি বাঢ়িছে। মিছা লাজত আৰু প্ৰকাশত, অপযশৰ আশঙ্কাত, ল’ৰা-ছোৱালীৰ শিক্ষা বিষয়ে লাভ-অলাভৰ কড়া-ক্ৰান্তি হিচাব কৰোঁতে সমাজ স্তব্ধ আৰু মৌন হৈ থাকি উঠি অহা ডেকা-গাভৰুৰ বহুতো অনিষ্ট সাধন কৰিছে। এই আলোচনাৰ আৱশ্যকতা অনুভৱ কৰিছিল ঋষি-মুনিসকলে; এই বিচাৰৰ সাৰ্থকতা অনুভৱ কৰিছিল হিন্দু শাস্ত্ৰকাৰসকলে। কামসূত্ৰ আদি ঋষি-ৰচিত পুথিত এই বিষয়ে সূক্ষ্ম বিচাৰ কৰা দেখা যায়। তাৰ পিচত পতিত জাতিৰ অযথা লাজ আৰু আশঙ্কাৰ আবৰণে ঢাকি ধৰি সৌন্দৰ্য্যক কুৎসিত কৰি তুলিছে। আজিৰ দিনত আকৌ দেশে দেশে চিন্তা-