পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

 ই বুলি মূলা গাভৰু আঁটিলে বুকৰ
গিঁড়য়লী ৰিহ৷ খনি,—পিন্ধিলে মেখেলা
ভালকই,— টঙ্গালিৰে বান্ধিলে কঁকাল;
পিন্ধিলে হাতত খাৰু বাখৰ পতোৱা
কৰদণি কঁকালত, মিনাকৰা কেৰু
দুয়োকাণে,— সাতসৰি, চাকি কোটমণি
পিন্ধিলে ডিঙ্গিত আনি,— পিন্ধিলে আঙ্গঠি
দুয়োহাতে আঙ্গুলিত, সোণালী মুঠিৰ
ললে হেঙ্গদান তুলি, গন্ধৰ্ব্ব জীয়াৰী
মন্দোদৰী যেনেকই কনক লঙ্কাত
শুনি স্বামি-মৃত্যু-কথা ৰামৰ হাতত
আহিছিলে যুদ্ধ সাজি প্ৰতিহিংসাৰূপী
হিয়াত জুলাই অগ্নি নাশিব' ৰামক,
নতুবা মৰিব’ নিজে,—কিম্বা বোডেচীয়া
আইচেনী-কুলৰাণী [১] ( ৰাণী ব্ৰিটনৰ )
যুজিব’ ৰোমেৰে [২] যেনে প্ৰতিহিংসা-হেতু॥


  1. আইচেনী নামেৰে এটা জাতি :“বোডেচিয়া” আইচেনী বিলাকৰে ৰাণী।
  2. ৰোমবাসীবিলাকে সৈতে, বা ৰোমৰ সেনাপতি জুলিয়চ্ চিজাৰৰ লগৰ সৈন্য সেনাবিলাকে সৈতে!

৪০


৪০