পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় সৰ্গ।


দস্যুবৃত্তিজীবী,—কালে তোমাৰ কৃপাত
সিও কবি ভাৰতৰ,— কবীন্দ্ৰ বাল্মিকী
জগত বিখ্যাত আজি মৰ্ত্ত্যত অমৰ।
যদি তুমি দয়া কৰা, হে নীলবসনা!
শ্বেতাঙ্গিনী বীণাপাণি! তোমাৰ কৃপাত,
বন্দি তবু শ্ৰীচৰণ,উভালি মূৰৰ
কেশ,—বান্ধি চিগা তাঁৰ ইভগা বীণাৰ,
বজাম নতুন গত্ কাব্য-কাননত
আসামৰ, নৱোৎসাহে নতুন সুৰত।
আহাঁ, দেবি! কৰাঁ দয়া, দিয়াঁ স্থিতি মোৰ
আঙ্গুলিত, দিয়াঁ শক্তি বুলাওঁ তাঁৰত
নতুন উৎসাহে পুনু বাজোক আকউ
ভগা বীণা খনি মোৰ বীৰ-নিনাদত॥
 নাৰীজাতি বহু ৰূপা, দেখিবা কেতিয়া
মূৰ্ত্তিমতী শান্তি যেন,—সহোদৰা ৰূপে;
কেতিয়াবা প্ৰেমময়ী সঙ্গিনী স্বামীৰ,
সন্তানৰ মা কেতিয়া, মূৰ্ত্তিমতী স্নেহ;—
মানিনী বা কেতিয়াবা কৰি অভিমান

৩৭