পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

 চিৰ দুখী অন্ধকবি অমৰ হোমাৰ
ভিক্ষাজীবী [১] ভিক্ষা অৰ্থে গাঁথি মুখে মুখে
গালে যি সঙ্গীত,—বা-লে যি মধুৰ বীণা
তোমাৰ প্ৰসাদে, দেবি! গ্ৰীচ ৰাজধানী
এথেঞ্চৰ বাটে-পথে, দৰিদ্ৰতা-বশে,
ভিক্ষা কৰি ঘৰে ঘৰে ফুৰিছিলে যৱে;-
তযু কৃপাবলে, দেবি! কালে সি সঙ্গীত
মহাকাব্য “ইলিয়াড” “ওডিচী” বিখ্যাত।
চিৰ দুখী অন্ধকবি কবিগুৰু আজি
জগতৰ,—মাথোঁ, দেবি! কৃপাত তোমাৰ।
কাণ্ডজ্ঞান বিবৰ্জ্জিত দস্যু ৰত্নাকৰ


  1. গ্ৰীক্ ইতিহাস লিখোঁতাসকলৰ মতে, কবিগুৰু হোমাৰ (Homer) নিতান্ত দৰিদ্ৰ আৰু অন্ধ আছিলে। গ্ৰীচৰ ৰাজধানী এথেঞ্চৰ বাটেপথে কবিতা গান কৰি, তেঁও জীৱনৰ অৱশিষ্ট অংশ অতিবাহিত কৰিছিলে। তেঁও যিবিলাক কবিতা আবৃত্তি কৰি জীবিকানিৰ্ব্বাহ কৰিছিলে, সেইবিলাকেই বৰ্ত্তমান যুগত “ইলিয়াড” (Illiad) আৰু (Odessy) “ওডিচী” মহাকাব্য নামে প্ৰথ্যাত পাইছে।

৩৬