পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


সপ্তৰথী স’তে যুজি তিয়াগিলে প্ৰাণ
অন্যায় যুদ্ধত বীৰ, বিৰাট কন্যাৰ
পৰাণতো বেছি প্ৰিয় অভিমন্যু-ধন!—
হায়! সখি! উত্তৰাৰ ফুটিলে কপাল!!”
 এই যেই বোলে মূলা, এনে সময়তে
আহিল কটকী এটি, সজল নয়নে
বুলিলে মূলাক চাই,—“নোলায় মুখত
হে গাভৰু! শোকবাৰ্ত্তা সমৰ-ক্ষেত্ৰৰ,
কি সঁতেৰে কওঁ আজি? নিবেদোঁ কি কৰি
সি শোক কাহিনী, হায়?” – ধৰিলে কান্দিব’
চকুৰ চকুলো টুকি, ৰক্ষ-কুল দূতে
কনক লঙ্কাত যেনে ৰাৱণৰ আগে
টুকিছিলে চকুপানী, নিবেদি শোকেৰে-
বীৰবাহু মৃত্যুকথা!—বুলিব’ ধৰিলে
“আহোম—আশা—ভাৰসা লয় পালে আজি
অকালত,—হে গাভৰু! ডাঙ্গৰীয়া আৰু
( মহাবলী চাওফ্ৰাচে, স্বোৱামী তোমাৰ )
নাই এই জগতত! প্ৰত্যূষতে কালি,

২৬