পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় সৰ্গ।

আজি তুমি এনেকুৱা? পালা,কুসম্বাদ
কিবা নেকি তুমি, সখি? নতু, বিষাদিনী
কিয় আজি? তুমি, সখি! সতত ৰঙ্গিনী॥
পাইছানে কিবা তুমি বাতৰি যুদ্ধৰ?
ডাঙ্গৰীয়া [১], প্ৰিয়সখি! আছেনে কুশলে
সমৰ-ক্ষেত্ৰত? দেখি মন উচাটন
তোমাৰ, কান্দিছে মোৰো প্ৰাণ ঘনে ঘনে”॥
 “খাটাঁ ঈশ্বৰক, সখি!” বুলিলে মূলাই
“কুশলে থাকোক তেঁও, মূলাৰ জীৱন
মূলাৰ আৰাধ্য দেৱ সাপিনীৰ মণি
মস্তকৰ,—দুখিনীৰ এটি মাত্ৰ ধন॥
কিন্তু, সখি! সাত দিন আজি হ’ল যোৱা
সমৰ-ক্ষেত্ৰত তেঁও; যোৱা দিনাৱধি
অথিৰ মূলাৰ মন কিয় যে এনুৱা,——
বুজা নাই একো,——সখি! কান্দে মোৰ প্ৰাণ
অকস্মাতে ঘনে ঘনে,—মন উচাটন॥


  1. অৰ্থাৎ চাও ফ্ৰাচেঙ্গমুঙ্গ বৰ গোহাঁই ডাঙ্গৰীয়া।