পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

( সহোদৰা স্নেহময়ী ) অতিথি-সেবিকা
গৃহস্থৰ গৃহলক্ষ্মী, শান্তি মূৰ্তিমতী
জগতত নাৰীজাতি সঁচা, প্ৰিয়তমা!—
কিন্তু অনুৰোধ মোৰ,—গৃহলক্ষ্মী ৰূপে
চাওৰ ঘৰত থাক৷,—নালাগে ধৰিব
চামুণ্ডাৰ বেশ, প্ৰিয়ে! মোৰে স'তে আজি
নালাগে তোমাক যাব সমৰ ক্ষেত্ৰত
লক্ষ্মীহীন কৰি ঘৰ,—তৱ পুণ্যবলে
বিনাশিম শত্ৰু-সেনা যুদ্ধ-প্ৰাঙ্গণত,
বিলত পদুম-বন ভাঙ্গে যেনে কই
মদমত্ত কৰিবৰ”—হাঁহিলে মিচিকি
এই বুলি কই চাৱে।
  “ব’লা, নাথ! যাওঁ,-
মেলকৰাগই [১] তুমি, হ’ল বহুপৰ
ৰই আছে চাঙ্গমাই,” বুলিলে মূলাই।


  1. আগৰ কালত আহোম ডাঙ্গৰীয়া সকলক ভাত খাবলৈ
    মাতিলে “মেলকৰিবলৈ” বুলি মাতিছিল।

১৮