পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

হিয়া খনি, শুনি এনে উৎসাহৰ বাণী
আশা পূৰ্ণ? কিন্তু, হায়! কিন্তু তিৰী জাতি
গছক-আলিঙ্গি-থকা মাধবীৰ দৰে,
যদি লৰে গছজুপি, কঁপে অকস্মাতে
ধুমুহা আশঙ্কা কৰি, সেইৰূপে, নাথ!—
আশঙ্কিত ই অধীনী, বিমৰ্ষ তোমাক
দেখি এই দুৰ্দ্দিনত আজি অকম্মাতে।”
 “হওঁতেও হয়, প্ৰিয়ে! বিষাদিত আজি
মন প্ৰাণ মোৰ,”—চাৱে ক'লে ধীৰে ধীৰে
“কবলই লাগে শোক, নোলায় মুখত
কথা,হায়! প্ৰিয় সখা বীৰ খুন্‌লুঙ্গ [১]
আহোম-ভাৰসা, আৰু নাই জগতত।
তুৰ্‌বকে স’তে যুজি অসীম সাহসে
অলেখ বিনাশ কৰি বিপক্ষৰ সেনা
ত্যজিলে পৰাণ বীৰ সমৰত কালি!


  1. এওঁৰ পূৰা নাম “খুন্‌লুঙ্গ খামপেঙ্গ বুঢ়াগোহাঁই ডাঙ্গৰীয়া”। কলীয়াবৰৰ যুদ্ধত মুছলমানৰ হাতত এওঁ প্ৰাণ হেৰুৱায়। এওঁ এজন বীৰপুৰুষ আছিলে।