পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

তুমি হে কবিৰ ধন, পথৰ সম্বল।
শ্ৰীহীন মলিন কবি, তযু ৰূপ জ্যোতি
নপৰে কাব্যত যদি; নধৰিলে বীণা
মোহকৰী, নিজে তুমি, আমি কি বজাম
(পাৰে কি বজাব ক’তো? ) প্ৰাৰ্থনা আমাৰ, –
ত্যজি নিজ সিংহাসন কুসুম-নিৰ্ম্মিত
লোৱাঁ তুলি বীণাখনি, খন্তেকৰ হেতু
আহা হিতেশৰে স’তে, বজোৱাঁ আনন্দে
সুমধুৰ বীণাধ্বনি বীৰৰসে মাতি।
 ৰজাৰ চ’ৰাৰ পৰ৷ সন্ধিয়া বেলিকা
আহিল ঘৰত চাও [১] স্বোৱামী মূলাৰ,
মূলাৰ আৰাধ্য ধন; প্ৰাণৰ দেৱতা,
কিন্তু চিন্তাভৰা আজি,—শুধিলে মূলাই,—
“চিন্তাযুক্ত কিয়, নাথ? কি ভাবিছা তুমি
অন্তৰত? কিবা ভাব খেলিছে হিয়াত?


  1. এওঁৰ পূৰনাম “চাও ফ্ৰাচেঙ্গমুঙ্গ বৰ গোহাঁই ডাঙ্গৰীয়া।” এওঁ ৰাজমন্ত্ৰী আছিল। শ্ৰুতিমধুৰ আৰু ছন্দৰ উপযোগী কৰিবৰ নিমিত্তে এওঁক “চাও” বোলা হৈছে।