পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


পোণে কছাৰী সোমাব ধৰিলে। পাছে আমাৰ লোকে হিলৈত জুই দিয়ে, — পাছে জুই নালাগে,—আমাৰ লোক বেবুৱা লাগিল। পাছে কছাৰীয়ে যাকে য’তে পালে কাটিব’ ধৰিলে। আমাৰ লোক জন যেয়ে যেই পোণে পাই ভাগিব ধৰিলে। বৰ গোহাঁঞীক বৰছাৰে খোছ মাৰিলে, – সোন্দৰ গোহাঁঞীও তেওঁৰ তামুলী পৰীয়া পজাঁত সোমাই আছিল,—পাছে কছাৰীয়ে ধৰাই শেলেৰে খুছি মাৰিলে।”

 ওপৰত তুলি দিয়া কথাফাঁকি এখনি পুৰণি সাঁচি পতীয়া বুৰঞ্জীৰ পৰা, সেই সময়ৰ গদ্যৰচনাৰ নমুনা স্বৰূপে, পাঠকসকলে পঢ়ি চাবলৈ তুলি দিলো। ইয়াৰ পৰা পাঠকসকলে বেছকৈ বুজিব পাৰিছে যে সোন্দৰ গোহাঁই (বা সুন্দৰ গোহাঁই) এই যুদ্ধতেই (আহোম কছাৰীৰ ২য় খন যুদ্ধত ) মৰা পৰে। শ্ৰীযুত গেইট চাহাবেও এই মতকে সমৰ্থন কৰিছে। [১]


১৸৹

  1. Mr. Gait's History of Assam, Page,104.