পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


তেওঁৰ প্ৰিয়তমা পত্নীক প্ৰাচীন বুৰঞ্জীবিলাকত খাঁৰৰ জীয়েক বুলি উল্লেখ কৰিছে। সুন্দৰ গোহাঁইৰ ঔৰসত খাঁৰৰ জীয়েকৰ গৰ্ভত তিনটি সন্তান হয়, দুটি ল'ৰা (আঁখেক আৰু কেৰাঁ গোহাঁই ) আৰু এটি ছোৱালী; এই ছোৱালীটিৰ নামেই কাঁচন-মালা আইদেও (যাক প্ৰৱন্ধ লিখকে কাঞ্চন আইদেও বুলিছে )।

 ইং অনুমান ১৬১২।১৩ চনত (মিঃ গেইটৰ মতে, ইং ১৬০৬৷৭ চনত ) আমাৰ ৰজাৰে কছাৰী ৰজাৰ এখন ৰণ হয়। এই ৰণলৈ কপিলী নইৰ বাটেদি খামচিং বৰ গোহাঁই আৰু অভয় ৰাম সলাল গোহাঁয়েসৈতে সুন্দৰ গোহাঁৱে ৰণলৈ গই, সাত-গাৱত কোঠ দি থাকেগৈ।[১]

 “সেই বেলা ভাণ্ডাৰী গোহাঁঞীয়ে বিশ্বাসকৈ মানুহ পঠাই সোন্দৰ গোহাঁঞীলৈ কৈ পঠালে,-বোলে তেওঁহে আছে ৰণক সমুখে, এখেত ৰজাই খাঁৰৰ জীয়েক সহিতে লেনা দেনা বাঢ়িছে, চাঙ্গলৈ আনিবলৈ হৈছে,, নিশ্চয় কথা। সোন্দৰ গোহাঞীয়ে


  1. আমাৰ লিখা “মালিতা”