পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


আছিলে, সেই দেখি কোচানত সকলো মানুহে তেওঁক সুন্দৰ গোহাঁই বুলিছিল। [১] ৰূপত যেনে, তেওঁ গুণতো তেনে আছিলে। তেওঁৰ গুণত চিলাৰাই ইমান মুগ্ধ হৈছিলে যে তেওঁক চিলাৰায়ে তোলনীয়া পো বুলি লৈছিল।

 এদিন কোচানৰ নৰনাৰায়ণ ৰজাই সুন্দৰ গোহাঁইৰ লগত পাশা খেলিছিল। নৰনাৰায়ণ ৰজাই সুন্দৰ গোহাঁইক কলে, – “যদি তুমি ২০ ঢাল জিকিব পাৰা, তেনেহলে “তোমাৰ দেশৰ অনা মানুহ খিনিয়ে সৈতে তোমাক দেশলৈ “যাবলৈ

এৰিদিম।” সুন্দৰ গোহাঁই ১৯ ঢাল জিকিল,-পাছৰ ঢালৰ যোৰ দহত লাগিল। ৰজাই বোলে এই যোৰ দহ ঢালিব পাৰিলে, মোৰ দেশৰো যি যি মানুহ যায়, সিহঁতকো এৰিদিম।” সুন্দৰ গোহাঁয়ে একে যোৰ দহে গ'ল বুলি বিমুখে যোৰ দহ ঢালি পাশা জিকিলে [২]। কোৱামতেই নৰনাৰায়ণ


  1. আসামত মানুহে এওঁক “সোন্দৰ গোহাঁই” বুলিছিল। ৺কাশীনাথ তামুলি ফুকণৰ বুৰঞ্জী...২০ পিঠি।
  2. ৺কাশীনাথ তামুলি ফুকণৰ বুৰঞ্জী ২১ পিঠি।

১॥৹