পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।


নাৱৰ পৰা জাপদি পৰি ব্ৰহ্মপুত্ৰৰ গৰ্ভত কাঞ্চন আইদেও অদৃশ্য হ'ল।

 কাঞ্চন আইদেওৰ আহোম নাম “খাম্ পট-গাভৰু”,-—তেওঁ যি অসাধাৰণ বুদ্ধি আৰু বীৰত্বৰ চিন দেখুৱাই গ’ল, তাৰ গুণতে আজিও তেওঁৰ নাম প্ৰাচীন আহোম পুৰোহিত দেওধাই মোহন আদিৰ মাজত জ্বলি আছে,— আজিও তেওঁৰ অমৰ আত্মাই আহোম “শুবেচনী” অৰ্থাৎ *[১] শক্তি উপাসনাত সেই সকলৰ পৰা এখনি শৰাই আৰু এভাগি পূজা পাইছে।

 এয়েই হ’ল “বুদ্ধিমতী আহোম কন্যা।” প্ৰৱন্ধৰ সাৰাংশ প্ৰৱন্ধটি পঢ়ি, আমাৰ পাঠকসকলৰ মনত অৱশ্যে এনেকুৱা ধাৰণা হ'ব, (১) যে ফ্ৰাচেংমুঙ্গ বৰ-গোহাঁই আৰু সুন্দৰ গোহাঁই একেজনা মানুহেই,—(২) সুন্দৰ গোহাঁই তুৰ্ব্বকৰ যুদ্ধত (মুছলমানৰ ৫ম


১৷৵৹

  1. “বুদ্ধিমতী আহোম কণ্যা” প্ৰৱন্ধৰ লিখকে তেখেতৰ প্ৰৱন্ধৰ সাৰাংশ গ্ৰহণ কৰি লৈ, আৰু আৱশ্যকমতে, তেখেতৰ লিখা উদ্ধৃত কৰিবলৈকো, অনুগ্ৰহ পূৰ্ব্বক আমাক অনুমতি দিয়াত, আমি এই খিনিতে তেখেতৰ নথৈ শলাগ লৈছোঁ।