পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অষ্টম সৰ্গ।

( কন্‌চেঙ্গ তুৰ্ব্বকৰ ); যুদ্ধ অবিৰাম,—
দুয়ো সমতুল যোদ্ধা, — দুয়ে সমবলী।
কেশৰী যিৰূপে বহে বুকৰ ওপৰে
পেলাই ভূমিত, আহা! মদমত্ত কৰী,
বহিল কন্‌চেঙ্গ আজি সি দৰে বুকত
তুৰ্ব্বকৰো,—দুইখণ্ড কৰিলে শৰীৰ।
উঠিল আনন্দধ্বনি আহোম সেনাৰ॥
 পৰিল তুৰ্ব্বক! খেদি আহিল হুচেন,--
হেঙ্গদানে স’তে তাৰো কাটি ল’লে শিৰ
কন্‌চেঙ্গ বৰপাত্ৰ। উঠিলে শবদ
“জয় আহোমৰ জয়!” পলালে যৱন
যি দৰে পিয়াপি দিয়ে ফেৰুৱাৰ জাক
ভয়ঙ্কৰ শাৰ্দ্দুলৰ দেখি পৰাক্ৰম॥

১২৩