পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

কন্‌চেঙ্গ---“নাজান, তুৰ্ব্বক! তই,—স্বধৰ্ম্মতিয়াগী
নহওঁ মিছাই আমি; আছে এটি বৰ
উদ্দেশ্য নিহিত তাত,—সিটি ৰাজনীতি
যাত লাগি মাতৃভাষা ত্যাগ কৰি আজি
হ'লো পৰভাষী আমি।”
তুৰ্ব্বক........“ধিক্ ৰাজনীতি!
“শতধিক্ সি নীতিক, যাৰ মোহে পৰি
ভুলে নিজ ধৰ্ম্ম নৰ, আপোন জননী
মাতৃভাষা, — হে কন্‌চেঙ্গ! নাজানে কোনেবা
নিজধৰ্ম্ম, মাতৃভাষা, আপোন জননী
জন্মভূমি, এই চাৰি সবাতো অধিক
প্ৰিয়তৰ মানৱৰ এই জগতত।
আমিও পাঠানজাতি নিজদেশ এৰি
সোমাইছোঁ ভাৰতত ( এৰি চ্যান [১] দেশ


  1. বৰ্ম্মা (মান) দেশৰ ভিতৰৰ পং ৰাজ্যৰ “শ্যান” বা
    “চ্যান” প্ৰদেশ। আহোমবিলাক পূৰ্ব্বত সেই প্ৰদেশৰ
    মানুহ।

১২০