পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰস্তাৱনা।


ইয়াকে নোৱাৰিলে, ৰজাই নবাবক বছৰি কোনো এটা নিৰ্দ্ধাৰিত হিচাবে কৰ শোধাব লাগিব।ৰজাই পৰীক্ষাৰ সজুলি দেখি আচৰিত হ'ল। অনেক পৰিষত্ন কৰিও নিজে যে একো থিৰাং কৰিব নোৱাৰিলেই, পাত্ৰমন্ত্ৰীবিলাকেসৈতে অনেক পৰামৰ্শ কৰাতো একো স্থিৰ নহ'ল। শেহত স্বৰ্গদেৱৰ অতি বিচক্ষণ আৰু বুধিয়ক মন্ত্ৰী ফ্ৰাচেংমুঙ্গ বা সুন্দৰ গোহাঁইৰ (?) ৰূপৱৰ্তী জীয়েক কাঞ্চন আইদেৱে *[১] সেই সমস্যাটি পূৰণ কৰে।

 আইদেৱে প্ৰথমতে তিৰুতা দুজনীক বোকা-বাটেদি যাবলৈ দিলে, — বেটী জনীয়ে কাপোৰকানি কোচাই লৈ নিঃসঙ্কোচ মনেৰে বোকাৰ ওপৰে যাবলৈ ধৰিলে, – আৰু যি জনী প্ৰকৃত ঘৈনী তাই কানি কপোৰ নাদাঙ্গি ধীৰে ধীৰে বোকাবাটে খোজ ল'লে। সেই দুটা বিশেষত্বৰ পৰাই আইদেৱে কোনজনী বেটী আৰু কোনজনী ঘৈনী, ততালিকে স্থিৰ কৰিলে।


১৶০

  1. এওঁৰ নাম “কাঁচনমল৷” আইদেও। শ্ৰুতিমধুৰ কৰিবলৈ লিখকে “কাঞ্চন আইদেও” কৰিছে।