পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টম সৰ্গ।

অন্ত্যেষ্টি[১] সমাপ্ত কৰি আপোন পুত্ৰৰ
আহে নিৰানন্দ মনে যেনে ৰক্ষৰাজ
ৰাঘবাৰি দশানন, টুকি চকুপানী
ৰক্ষকুল বীৰে স’তে,—আহিলে সিৰূপে
কন্‌চেঙ্গ বৰপাত্ৰ লগে লই বহু
আহোমৰ সৈন্য সেনা, সমাপ্তি অন্ত্যেষ্টি
মূলাৰ, স্বামীৰে স'তে[২] নইৰ দাতিত॥
 নিৰানন্দ আজি কোঠ! নিৰানন্দ আজি
আহোমৰ যত বীৰ,— বিমৰ্ষ চুক্লেন
বিমৰ্ষ চুৰেঙ্গ আজি,—আজি বিষাদিত


  1. অৰ্থাৎ অন্ত্যেষ্টিক্ৰিয়া।
  2. স্বামীৰে স’তে—স্বামীৰে একেলগে একে ঠাইতে।

১১৩