পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তম সৰ্গ।


ট্ৰয়-সমৰত[১] যেনে;—নাই কিন্তু কাৰো
জয় কিম্বা পৰাজয় বহু পৰলকে॥
  “হে তুৰ্ব্বক! পালো আজি ভাগ্যে দেখা তোক,
পতিহন্তা তই মোৰ” বুলিলে মূলাই
“নাশিম স্বহস্তে আজি, কাটি তোৰ শিৰ
পূৰাম হেপাহ মোৰ লালসা যুদ্ধৰ।”
তুৰ্ব্বক— “বীৰকুলে বীৰবংশে জন্ম তুৰ্ব্বকৰ,—
সুন্দৰি! বুজে সি নিজ বীৰত্ব-গৌৰৱ!
নুযুজে সি নাৰী স’তে। কি ঘৃণাৰ কথা!!—
যুজিব পাঠানবীৰ অৱলা নাৰীৰে
পশুৰাজ সিংহে যেনে শিয়ালীৰে স’তে!!”
  “কি আম্পৰ্দ্ধা! জ্বলে প্ৰাণ!! নিলাজ তুৰ্ব্বক!
কিয় অত দৰ্প তোৰ? লুকাই পলাই
ৰাখিছ পৰাণ মাথোঁ শিয়ালৰ দৰে
“সিংহীৰ ভয়ত যেন” ই বুলি মূলাই


  1. Trojan war, স্পাৰ্টাৰাজ মেলিনচৰ পত্নী হেলেনাক ট্ৰয়ৰাজকুমাৰ পাৰিচে চুৰি কৰি অনাত গ্ৰীক আৰু
    ট্ৰয়বাসীবিলাকৰ ভিতৰত ট্ৰয়ৰ যুদ্ধক্ষেত্ৰত যি যুদ্ধ হৈছিল।

৯৯