পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

তিৰুতা যদিও মূলা, যদিও অৱলা —
থাকি তোমাসাৰে স’তে, কৰিব সমৰ
তোমাসাৰ লগে লগে, —নদংশে কি, হায়!-
সাপিনীয়ে হৰোঁতাক কুন্তলৰ মণি?
যদিও সাপিনী তিৰী? মূলাও ফণিনী
প্ৰতিহিংসা-পৰায়ণা কালভুজঙ্গিনী॥”
ই বুলি মূলা গাভৰু ওলালে যুদ্ধত,—
ওলালে আহোম সেনা, ললে সৱে খোজ
সমৰ ক্ষেত্ৰৰ ফালে। পাঠানৰো সেনা
আহিল সি কালে সাজি,—হ’ল দুপক্ষৰে
সম্মুখা-সন্মুখি পুনু, – লাগিল সমৰ
দুপক্ষৰে ঘোৰতৰ, কুৰু সমৰত
যেনে কুৰু পাণ্ডৱৰ,—নতুবা তাহানি
গ্ৰিচীয়[১] যোদ্ধাৰে স’তে ট্ৰোজীয় [২]সেনাৰ


  1. অৰ্থাৎ গ্ৰিক দেশৰ।
  2. ,, অৰ্থাৎ ট্ৰয় দেশৰ।

৯৮