এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তম সৰ্গ।
সাজিলে সমৰ সাজে,—কোনো ল’লে জাঠি,
কোনে শেল,—কোনে শূল,—কোনে তৰোৱাল,
কোনে ল'লে হেঙ্গদান্;উঠিলে হুঙ্কাৰি
বীৰাঙ্গনা মূলা, যেন কাল ভুজঙ্গিনী;
কিম্বা দৈত্য-যুদ্ধে যেনে নৃমুণ্ডমালিনী
নতু, বীৰাঙ্গনা জোনা[১]ফৰাচী কুমাৰী
ভীমামূৰ্ত্তী ভয়ঙ্কৰা অৰ্লিন্ যুদ্ধত[২]।
বুলিলে সেনাক চাই “আসামৰ আশা!—
আহোমৰ বীৰ সব! ব’লা যুদ্ধ সাজি
যাওঁ সমৰত আমি।জন্ম বীৰকুলে
তোমাসাৰ,—ব’লা আজি বীৰৰসে ভাহি
যাওঁ সৱে, — মথি আজি সমৰ সাগৰ
খ্যাতি-ৰত্ন লওঁ তুলি,—লোক পাল সৱে
সমুদ্ৰ মন্থন কৰি তাহানি কালত
তুলিলে যিৰূপে সুধা, বাঞ্ছিত দেৱৰ।
৯৭