পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।


“পদ্মমিদং মম দক্ষিণহস্তে বামকৰাণি চ
উৎপলমেকং ব্ৰূহি কিমিচ্ছসি কৰ্ষ সনালং॥”
 তুমিও, কল্পনা! আহাঁ,—কবিৰ সঙ্গিনী
অমৃতভাষিণী দেবি! কল্পতৰু তুমি
কবি-মন ফুলনীত,—তোমাৰ প্ৰসাদে
শতমুক্তা ফল ফলে মৰুভূমি-মাজে।
কৃপ৷ কৰাঁ,---গাওঁ আজি, কিৰূপে সাজিলে
আহোম-ৰমণী মূলা সমৰ-সাজেৰে
যুক্তিব’ তুৰ্ব্বকে স’তে, যি বীৰত্ব কথা,
সিজাতিৰ ( আহোমৰ ), সি দেশ বাসীৰ
( কানীয়া উপাধী যুক্ত চিৰ পৰাধীন
আসাম বাসীৰ ) আজি নিশাৰ সপোন,
নতু,— গল্প ইচ’পৰ[১] কাহিনী পৰীৰ[২]
 পাঠানৰ কোলাহল কোঠৰ চৌপাষে—
শুনি মূলা সখী স’তে, পিন্ধি ৰণ-সাজ
ওলালে যুদ্ধত যাব। আহোমৰ সেনা


  1. Esop's Fables
  2. Fairy Tales

৯৬