পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আহোমৰমণী।

কৰি অনা পাঠানবিলাকক পোণ প্ৰথমে ৰজাৰ হাতী ঘাঁহী পতা হয়। সিহতে, সম্ভৱতঃ আজল-মঠালি কৰি, হাতীৰ নেগুৰৰ ফালৰ পৰা ঘাঁহ গুজিবলৈ ধৰে। পাছে, হাতীৰ কাম নাজানে বুলি ঘাঁহীৰ কামৰ পৰা নি, সিহঁতক ৰজাৰ খাতত খেতি কৰিবলৈ দিয়া হয়। তাতো, ইহঁতে নিলগৰ পৰা বোকা আনি, কঠিয়াৰ গুৰিত দি এবছৰ খেতি কৰে। সেই বছৰৰ ভিতৰত সিহঁতে কৰা খেতিত ছশ পুৰা মাথোন ধান পালে। সেই বুলিয়েই আসামত আজিও নশ মৰীয়াৰ খেতিত ছশ পুৰা ধান পোৱাৰ প্ৰবাদ চলিত আছে। অৱশেষত অকামিলা যেন দেখি ৰজাই সিহঁতক এৰি দিলে। ইহঁতে পাছলৈ পিতলৰ লোটা, কলহ, আদি সাজি ভাত মোকলাবলৈ ধৰিলে। সিহঁতৰ পো-নাতি বিলাককেই আজি কালি ‘মৰীয়৷’ বোলে।[১]

 বুৰঞ্জীত কয়,—যে এই যুদ্ধজয়ী হোৱাৰ স্মৃতি


  1. অনাৰেবল্ শ্ৰীযুত পদ্মনাথ বৰুৱাৰ আসামৰ বুৰঞ্জী।
১৲