পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সপ্তম সৰ্গ।

দিছিলে যি অৰ্পি, হায়! বিশ্বাসি আমাক
আপোনাৰ জ্ঞাতিবন্ধু, পুত্ৰ পৰাণৰ?
গোলাপৰ বৃক্ষে যেনে শিৰ-শোভাৰূপী
ফুলপাহি উটুৱায় ধলনী-পানীত,
আমিও সিদৰে, হায়! চিৰকাল লই
অকালত বিসৰ্জ্জন দিলো ৰত্ন দুটি
পাঠান-সেনাৰ আশা, কাল-সমৰত!!
লণ্ডভণ্ড আজি কোঠ, লণ্ডভণ্ড সেনা
পাঠানৰ,—লণ্ডভণ্ড যেনে ধুমুহাত
সুৰম্য কদলীবন!” বুলিলে তুৰ্ব্বক
কাঢ়ি এটি হুমুনীয়া অতীব শোকৰ!!
 “কুক্ষেণত আহি, সঁচা, পশিলো ৰণত,—
সঁচা কথা, বন্ধুবৰ!” বুলিলে হুচেন[১]
( এটি পাঠানৰ যোদ্ধা ) “নতুবা কি আমি
বাৰে বাৰে হাৰমানো? বাৰে বাৰে নাশ


  1. তাজু আৰু বঙ্গাল সেনাপতিৰ লগৰে এওঁ এজন
    পাঠান সেনাপতি। দিকৰাই মুখৰ ৰণত এওঁ কন্‌চেঙ্গ
    বৰপাত্ৰ ডাঙ্গৰীয়াৰ হাতত প্ৰাণ হেৰুৱায়।

৯১