পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

[১]ৰাজমন্ত্ৰী বৰপাত্ৰ,—সাজিলে মূলাই
বীৰাঙ্গনা,—–ল’লে জাঠি,―ল’লে হেঙ্গদান;
উঠিলে শবদ “জয়!আহোমৰ জয়!!-”
জয়! সৰ্গদেৱ! জয়!“আসামৰ জয়”
  “অৱশ তোমাৰ দেহা হইছে, গাভৰু!-
যুদ্ধ কৰি তিন দিন যৱনে সহিতে,
ক্ষন্তেক বিশ্ৰাম কৰাঁ,— নালাগে যুদ্ধত
“যাব আজি।” ধীৰে ধীৰে বুলিলে চুক্লেন্॥
  “অৱশ হইছে মূলা? নহয় নিশ্চয়,
নহয়, — হে ডেকাৰজা!—মূলাৰ ই দেহা
বজ্ৰাধিক,—নাই ক্লান্তি,—নহ’ব অৱশ
যি অৱধি থাকে প্ৰাণ,—নকৰোঁ বিশ্ৰাম
“নিবিনাশি তুৰ্ব্বকক, —” ই বুলি মূলাই
সৈন্য সেনা সৱে স’তে গ'ল সমৰত


  1. বুলি জনাজাত হোৱাত, চুহুম্মুঙ্গ সৰ্গদেৱে তেওঁক কন্‌চেঙ্গ নাম দি বৰপাত্ৰ ডাঙ্গৰীয়া পাতিলে। তেতিয়াৰ পৰাহে তিনিজনা ডাঙ্গৰীয়া হ'ল। এই কাৰণেইহে, বৰপাত্ৰ ডাঙ্গৰীয়াৰ ঘৰক “নগা বৰ পাত্ৰৰ” ঘৰ বোলে।

৮২