পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ সৰ্গ।


কৰিলে কোৱাই ‘কা-কা’ মাতিলে শালিকী
ঘৰৰ ছালত পৰি মাতিলে বিলত
ৰাজহংস, ৰণবাদ্য বাজিলে কোঠত
আহোমৰ, – সৈন্য সেনা সমৰ-সাজেৰে
সাজিলে যুদ্ধত যাব’—সাজিলে চুক্লেন্
ডেকাৰজ৷, যুদ্ধসাজে সাজিলে চুৰেঙ্গ
চুখ্ৰেঙ্গ চুতেঙ্গ দুয়ো-সাজিলে কন্চেঙ্গ[১]


  1. কন্‌চেঙ্গ্... বৰপাত্ৰ ডাঙ্গৰীয়াৰ এৱেঁই প্ৰথম। এওঁৰ দিনৰ পৰাইহে বৰপাত্ৰ ডাঙ্গৰীয়াৰ বিষয় সৃজন হয়। ইতিপূৰ্ব্বে—চুপিম্‌ফা সৰ্গদেৱক নগাৰ খুনবাও এটাই পাল-সেৱা কৰোঁতে চমুৱা কুৱঁৰী এগৰাকীয়ে ভিতৰ ফালৰ পৰা জুমি চাই থাকি খুনবাওটোক বৰ ৰূপহ দেখি, ৰজা ভিতৰলৈ আহিলত, খুনবাওটোক ৰূপৰ প্ৰশংসা কৰে। ৰজাই খুনবাওটোলৈ ৰাণীৰ আসক্তি হৈছে বুলি সন্দেহ কৰি, ৰাণীক খুনবাওঁলৈ এৰি দিলে। ৰাণী সগৰ্ভা আছিলে, খুনবাৱে চাঙ্গলৈ নিনি ৰাণীক ভৈয়ামতে বাহৰ দি থৈ তাতে ৰাণীয়ে এটি সৰ্ব্ব সুলক্ষণীয়া পুত্ৰ প্ৰসৱ কৰে। কালক্ৰমে সেই লৰাটি চুপিম্‌ফা সৰ্গদেৱৰ ঔৰষজাত সন্তান

৮১