পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

গুপ্তভাৱে,—মাতি আজ্ঞা দিলে তুৰ্ব্বকক
তোমাসৱে স’তে আহি আক্ৰমিব’ দেশ
আহোমৰ,—শুনি বাৰ্ত্ত৷ প্ৰাণৰ প্ৰতিমা
জীৱনৰ সহচৰী, কান্দিলে বিলাপি
চকুৰ চকুলো টুকি, ডিঙ্গিত সাবতি
একাষে কোলাত লই প্ৰাণৰ সোণক
প্ৰাণাধিক পুত্ৰটিক, চকুৰ পানীৰে
তিয়াই আকুল হিয়া,—ভাবিলে সি কথা
তুৰ্ব্বকৰো হিয়া ফাটে! কিন্তু কৰি ভয়
বিপক্ষক, যদি আমি নকৰোঁ সমৰ,—
যদিবা পলাই যাওঁ,—হাঁহিব জগতে
ভয়াতু[১] পাঠান বুলি, হাঁহিব দেশত
জ্ঞাতি বন্ধু সকলোৱে,— কৰিব দুৰ্ণাম
পুত্ৰ কন্যা তিৰুতায়ো, ক্ৰোধিব নৱাব
খছল খাঁ, যাৰ আমি আশ্ৰিত সৱাই॥”
  “ক্ৰোধোক নৱাব, হ’ক ক্ৰোধ নৱাবৰ,
কিবা ক্ষতি আছে তাত?” বুলিলে তাজুৱে —


  1. ভয়াতু অৰ্থাৎ ভয়াতুৰ।

৭২