পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম সৰ্গ।

সমৰত আত্মীয়ৰ প্ৰাণৰ পুত্ৰৰ,
প্ৰাণপ্ৰিয় স্বোৱামীৰ কত দুৰ্ভাগীৰ॥”
তুৰ্ব্বক... “বুজিছোঁ,বঙ্গাল! ময়ো,—বুজিছোঁ,হে তাজু!
বুজিছো সকলো ময়ো,—তুৰ্ব্বকৰো হিয়া
নহয় শিলেৰে গঢ়া, তুৰ্ব্বকৰো প্ৰাণ
কান্দে,—আছে স্নেহ দয়া তাৰো অন্তৰত।
তুৰ্ব্বকৰো আছে পত্নী, পুত্ৰ আদৰৰ,
আহিছোঁ দেশত এৰি! নাজানো বা কত
উৎকন্ঠিত আছে সৱে,—আছে বাটলই
চাই! কান্দে তাৰো প্ৰাণ,—তুৰ্ব্বকৰো হিয়া
ফাটি যায়! হে বঙ্গাল! পৰিলে মনত,
শতধা বিদীৰ্ণ হয় তুৰ্ব্বকৰো প্ৰাণ!!
  “হে তাজু! যিদিনা, হায়! পাঠান-গৌৰৱ
অশেষ সদ্‌গুণশালী নৱাব চাহাবে[১]
কি এক মন্ত্ৰণা কৰি উজিৰে সহিতে


  1. নৱাব খছল খাঁ... এওঁ বঙ্গদেশৰ নৱাব আছিলে। এওঁৰ আদেশ মতেই তুৰ্ব্বকে আহি অসমদেশ দুবাৰ আক্ৰমণ কৰেহি।

৭১