পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম সৰ্গ।

আহোমৰ মনোভাব,—কিবা ছল কৰি
সজাইছে পুৰুষকে তিৰুতা সাজেৰে,—
আহিছে যুদ্ধত লই, নাজানো কি ভাবি॥”
তাজু...“যাদুময়ী কামৰূপ! যেই দেশবাসী
ধৰে নানা মূৰ্ত্তি,—সাজে পুৰুষে স্ত্ৰীলোক,
স্ত্ৰীলোকে সমৰ কৰে পুৰুষৰ দৰে
সেই দেশ যাদুকৰী,—ইন্দ্ৰজালময়ী,—
নহয় উচিত কিন্তু থকা সি দেশত
আমাৰ, সমৰ কৰা সি দেশবাসীৰে।
কি আশ্চৰ্য্য! যি তিৰুতা অঙ্ক-সুশোভিনী
পুৰুষৰ, সি তিৰুতা বিকট-দশনা
ৰাক্ষসিনী সমৰত, মূৰ্ত্তিমতী ভয়!!
সি কাৰণে, সেনাপতি! মিনতি তাজুৰ
যাওঁ দেশলই ঘূৰি,—নালাগে সমৰ,—
থাকোক আহোম-সেনা আপোন ৰাজ্যত
লই আপোনাৰ যাদু, মন্ত্ৰৰ প্ৰভাৱ॥”
  “ঠিক কথা, সেনাপতি!” বুলিলে বঙ্গালে[১]


  1. তাজুৰ লগৰে এওঁ এজন তুৰ্ব্বকৰ তলৰ সেনাপতি। এওঁৰ প্ৰকৃত নাম কি আছিল ক'ব নোৱাৰি
    হাতেৰে লিখা সাঁচি পতীয়া বুৰঞ্জীতো “বঙ্গাল সেনাপতি”
    বুলিয়েই উল্লেখ কৰিছে। সম্ভৱতঃ এওঁ হিন্দু আছিল।
    (দুইমুনি শিলাৰ যুদ্ধত এওঁ মূলা গাভকৰ হাতত প্ৰাণ
    হেৰুৱায়।)

৬৯