পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম সৰ্গ।

  “পাঠানকুলৰ ৰবি! বীৰ অগ্ৰগণী
সেনাপতি! আসামৰ অন্য এটি নাম
কামৰূপ, এই দেশ ইন্দ্ৰজালময়ী,
ভেড়া হয় ই দেশত আহিলে বিদেশী,
কিম্বা মন্ত্ৰমুগ্ধ সৰ্প যাদুকৰ আগে,—
কথা কিন্তু নোহে মিছা”—কয় তুৰ্ব্বকক
তাজু নামে[১] এটি যোদ্ধ৷— “কি আশ্চৰ্য্য কথা!
আহোম-ৰমণী সৱে যুদ্ধ-সাজে সাজি
কৰিছে মহত যুদ্ধ, কিবা যাদু বলে
নাশিছে যৱন-সেনা চকু-পচাৰতে
ভীমা মূৰ্ত্তি ধৰি আজি! কাণ্ড কি অদ্ভুত
তিৰুতাই যুদ্ধ কৰে! নাৰীস’তে যুজি
মৰে যৱনৰ যোদ্ধা, যাৰ বাহুবলে
পৰাভূত ৰাজপুত, পঞ্চনদ-বাসী


  1. তাজু—কোনো কোনো বুৰঞ্জী লিখকে এওঁক তৌজীও বোলে। এওঁ এজন তুৰ্ব্বকৰ তলৰ পাঠান সেনাপতি। দুই মুনি শিলাৰ যুদ্ধত এওঁ মূলা গাভৰুৰ হাতত প্ৰাণ হেৰুৱায়।

৬৫