পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।

সমৰ-ক্ষেত্ৰত যেনে দানৱৰ সেনা
নিষ্পন্দ নিৰ্ব্বাক,—সৱে অনঙ্গ পীড়িত,—
পঞ্চ-ফুলশৰ-বিদ্ধ। হুঙ্কাৰিলে পুনু
বীৰাঙ্গনা মূলা,—ঘনে হুঙ্কাৰে ৰমণী
( আহোম বীৰ অঙ্গনা ) “আহোমৰ জয়!”
“জয় আহোমৰ জয়!” কয় প্ৰতিধ্বনি
ৰমণী সবৱে স’তে, – কয় দিগন্তই
“আহোমৰ জয় জয়!!”, — কয় সমীৰণে
“জয় বীৰ ৰমণীৰ!”— “জয় আহোমৰ!”

৬৪ (খ)