পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ সৰ্গ।


থাকিব ঘৰত, হায়! নগই যুদ্ধত?—
নিদি প্ৰাণ? নেদেখাই শত্ৰুক বিক্ৰম?”
চুৰেঙ্গ···“কিবা কাম জীৱনত, জন্মি বীৰকুলে
যদি ডৰে সমৰক? মমতা প্ৰাণত
জন্মে যদি? কিবা কাজ ধৰি ভুজবল
নেদেখাই বীৰ্য্য যদি শত্ৰুৰ কাষত?
কি ঘৃণাৰ কথা, হায়! আহোম কুলত
জন্ম লই, ডৰোঁ আমি যৱন সেনাক,
সামান্য পাঠান-সেনা, নগণ্য তুৰ্ব্বক
ক্ষুদ্ৰকায়? বলা যাওঁ, ৰণসাজে সাজি,
সকলো আহোম-সেনা! আহোমৰ বীৰ!
আহোম-ভাৰসা, আশা আহোম ৰাজ্যৰ!
দুৱাৰত শত্ৰু আজি! চোৰবেশে আহি
যৱনে হৰিব খোজে আসামৰ ধন
স্বাধীনতা,—বীৰ সৱ! কি কৰি সহিবা?
কোন প্ৰাণে দিবা সঁপি যৱন-হাতত
আপোন সাম্ৰাজ্য খনি? যাত লাগি আমি
সদৌ আহোম জাতি সৰ্ব্বস্ব-তিয়াগী,

৫৫