এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মূলা গাভৰু।
নহয় কধিও ঘোলা[১]; বেলিৰ পোহৰে
নিদিয়ে এন্ধাৰ ক'তো,—আহোমৰ বীৰে
নকৰে নিশ্চয় ভয় যৱন-সেনাক।
কাপুৰুষ! কি লজ্জা! ছি!! ধিক্ তোমাসাক
সকলে৷ আহোম সেনা!! ধিক্ হে কুমাৰ!–
ধিক্ দেওৰজা নামে! জন্মিলে মৰণ
আছে এই জগতত! মৰিবা নিশ্চয়
আজি নোহে কালি কিম্বা,—সমৰ-ক্ষেত্ৰত
কিম্বা অন্তঃপুৰ-মাজে কোমল শয্যাত;
নহয় অমৰ কোনো,—নোৱাৰে এৰাব
কোনেও মৃত্যুৰ দায়, শমনৰ ভয়,-
পোৱা তেন্তে কিয় ভয় আশঙ্কি মৰণ?
কি কাজ প্ৰাণত, যদি হ’বা কাপুৰুষ?
নেদেখাবা, যদি বীৰ্য বিপক্ষ-পক্ষক
সমৰ ক্ষেত্ৰত গই? স্বদেশৰ হেতু
দেশৰ মঙ্গল অৰ্থে নুছৰ্গিবা প্ৰাণ?
জন্মিলে মৰণ আছে,—বীৰ পুৰুষৰ
- ↑ প্ৰবাদ আছে যে, যমুনাৰ পানী কেতিয়াও ঘোলা নহয়।
৫২