পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ সৰ্গ।


তেন্তে কিয় এই ভাব?বীৰ মদে মাতি
কিয় নুঠে নাচি,হিয়া? কিয় সমৰত
নোযোৱা উলাহ মনে অগ্ৰণী স্বৰূপে
শত্ৰুক নাশিব’? জন্মি বীৰৰ বংশত
ডৰোৱা কি যৱনক? কি শঙ্কা তোমাৰ?
যদিবা দুৰ্ব্বল তুমি অকলে, চুক্লেন!
আছে সেনা, আছে যোদ্ধা আহোমৰ বীৰ
ভীম পৰাক্ৰমী,—সৱে স্বদেশৰ হেতু,
ৰাখিব জাতিৰ মান, যুজিব নিশ্চয়
প্ৰাণপণে। পৰে যদি সি সবো ৰণত,
আছোঁ, আমি বীৰাঙ্গনা আহোম ৰমণী,—
এৰি সবে অন্তঃপুৰ, উলাহত মাতি
পশিম যুদ্ধত আহি; পাৰিলে তৰ্পিম
যৱন-ৰক্তেৰে মাতৃ স্বদেশ ৰূপিণী,—–
নতু, এৰি নিজে দেহা, আত্মবলি দানি
শুম সবে হৰ্ষ মনে সমৰ-ক্ষেত্ৰত।
যোৱাঁ তুমি, হে চুক্লেন!গোলাপ গছত
নুফুলে কেতকী ফুল,—যমুনাৰ পানী

৫১