পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ সৰ্গ।


 বুলিলে গৰজি মূলা চুক্লেনক [১] চাই,—
“হা ধিক্! লজ্জাৰ কথা!! ডেকাৰজা,—হায়!
ধিক্, হে চুৰেঙ্গ! [২] ধিক্! (ধিক্, দেওৰজা!)
বৃথাই তোমাৰ নাম! চুখ্ৰেঙ্গ, চুতেঙ্গ!![৩]
ধিক্ তোমা দুয়োটিকে! ধিক্! শত ধিক্!!
যত আহোমৰ সেনা, দল শিয়ালৰ!!
হে চুক্লেন! সাম্ৰাজ্যৰ উত্তৰাধিকাৰী


  1. চুক্লেন্...এওঁ চুহুমুঙ্গ বা স্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ বৰজনা কোঁৱৰ; এওঁৰ হিন্দুনাম গড়গঁয়া ৰজা,—ইং ১৫৩৯ চনত আহোম সিংহাসনত ৰজা হয়।
  2. চুৰেঙ্গ...এওঁকে দেওৰজাও বোলে। গদাপানিৰ দৰে
    এওঁ এজন বৰ বীৰ পুৰুষ আছিল। এওঁ চাৰিঙ্গীয়া মেলৰ ৰজা হৈছিল।
  3. চুখ্ৰেঙ্গ...এওঁক দুপ্ ৰজাও বোলে; এওঁ তিপমীয়া মেলৰ ৰজা হৈছিল। চুতেঙ্গ...চুহুম্মুঙ্গ স্বৰ্গদেৱৰ এওঁ নিচেই নুমলীয়া কোঁৱৰ। চুৰেঙ্গ, চুখ্ৰেঙ্গ আৰু চুতেঙ্গ এই তিনিওজনা চুক্লেন বা ডেকা ৰজাৰ সহোদৰ ভাই।

৪৯