পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৩ ] নির্বাচন সঁতুৰি খৰামে আৰু ঢােকে ঢেকে পানী খাইছে। মন্ত্রী অক্লান্তয়াে নিৰ্বাচনত তিতা-পানী মিঠা কৰি তুলিছে নিজৰ ক্ষমতা আৰু মিঠা ব্যৱহাৰৰ দ্বাৰা। মানুহে কোৱা-কুই কৰিছে তেওঁ এইবাৰ জয়যুক্ত হৈ দেশৰ মন্ত্রী হ’ব। ইয়াৰ বাহিৰেও বহুত সৰু সৰু দলে নিজৰ নিজৰ ইষ্টাহাৰ দাৰি কৰি জনতাক ঠগিবলৈ তলৰ মাটি ওপৰ কৰাত লাগি গৈছে। শ্রমজীৱী শক্তি সংঘৰপৰা প্রার্থী হবলৈ বিপুল মহাজনক বহুতেই ভিতৰে ভিতৰে ধৰিছিল যদিও সেই সংঘই নিৰ্বাচনত সদ্যহতে নানামি জনতাৰ মাজত সংগঠনৰ কাম কৰাকেই স্থিৰ কৰিছে। অতীত জীৱনত সৎকাৰ্যৰ ৰেকৰ্ড থকা উপযুক্ত লােকক তেওঁলােকে ব্যক্তিগত ভাবে সমর্থন দিব কিন্তু সংঘ নির্বাচন কাৰ্য্যৰপৰা বিৰত থাকিব। তেওঁলােকে মাথাে প্ৰচাৰ কৰিব যে শশাষণ বিহীন সাম্যৰ সমাজ গঢ়াত তেওঁলােকে শাৰীৰিক আৰু মানসিক শক্তি, অন্তৰৰ আবেগ আৰু অনুৰাগ উছৰ্গা কৰিব । প্রত্যেক মানুহৰ প্রতি ন্যায় আচৰণ, ভাতৃত্ব সুলভ সম্পর্ক আৰু পাৰস্পৰিক সাহায্যৰ যৌথ মনােভাব জগাই ভােলাই তেওঁলােকৰ মূল কথা। জীৱনৰ প্ৰেছৰ ওপৰত পুলিচ আৰু চোৰাংচোৱাৰ এই কেই দিন তীব্র নজৰ। কিন্তু তেওঁ ব্যৱসায়ৰ ফালৰপৰা সকলােৰে কাগজ পত্ৰ আৰু হেণ্ডবিল আদি ছাপাই দি লগতে প্ৰেছৰৰ নামটি প্রকাশ কৰি দিছে। চোৰাং ভাবে ওলােৱা হেণ্ডবিল দুই-চাৰি অ'ত ত'ত প্রকাশ পােৱা বুলি খবৰৰ কাকতৰপৰা জানিব পৰা গৈছে। ঋজুনাথ দাসে এই কেইদিন বৰ নীৰৱে প্ৰেছত কাম কৰিছে। এই সময়ত সঁচাই-মিছাই বহুত কথা কৰি ক্ষমতাশালী লােক আগত লগােৱা হয়। তেওঁৰ নিৰ্বাচনী খেলত মুঠেই বিশ্বাস নাই। [ ১ ]