সখি
এখন দেশত এটি সৰু পাহাৰ আছিল। সেউজীয়া পাহাৰটি নানা তহৰহৰ গছ-লতা, ফল-ফুলেৰে ভৰি আছিল। পাহাৰটিৰ তলেৰে জুৰি এটিও বৈ গেছে। জুৰিটিৰ পানীটুপি খাবলৈ নানা ঠাইৰপৰা পশু-পখীবোৰ আহে। যেতিয়া বাৰিষা আহে জুৰিটিৰ দুয়ো পাৰ পানীৰে উপচি পৰে। নানা ধৰণৰ পোক-পৰুৱা, লালুকী, মাছবোৰে তাত ৰং-ধেমালী কৰি ফুৰে।
পাহাৰটিৰ গছ এজোপাত ঢোঁৰা কাউৰীৰ পোৱালি এটিয়ে বাস কৰিবলৈ লৈছিল। মাক-পিতাকক এৰি অকলে থাকিবলৈ লোৱা তাৰ বেছিদিন হোৱা নাই। নিচেই পুৱাতে সি সকলোকে মাতযাৰ দি ওলাই যায়। পেট পূৰাই খাই বৈ পুনৰ গধূলি উলটি আহে।
কাউৰীটিয়ে এটি কথা মন কৰিলে, এটা শহা পোৱালি আৰু এটা বেঙ পোৱালি সদায় একেলগে ৰঙমনে কথাপাতি জুৰিটিৰ পাৰত ঘূৰি ফুৰে। দুয়ো যে নলে-গলে লগা সখি কথাটো সি বুজি পালে। সিহঁতৰ সখি হ’বলৈ তাৰো বৰ মন গ’ল।
ছেগ চাই এদিন কাউৰী পোৱালিটি সিহঁতৰ ওচৰ পালেগৈ। সিহঁতে পিছে তালৈ কেৰাহিকৈও নেচালে। কাউৰীটিয়ে সুধিলে—“তোমালোক দুয়ো সখি হবলা?”
শহাটোৱে একোকে নক’লে। বেঙটোৱেও হুঁটা মাতেৰহে ক’লে—“ও”।
আগ্ৰহেৰে কাউৰীটিয়ে সুধিলে—
—“মোকো তোমালোকৰ সখি কৰি ল’বানে?”
শহাটোৰ বৰ খঙ উঠিল। সি বেং পোৱালিটোক ক’লে—
—“চোৱাচোন সখি, ক’লীয়াটোৰ মৰসাহ। সি আমাৰ লগত ৰঙতে মিলেনে, গুণতে মিলে?”