পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০


বেচাৰা মাছটো

 এখন বৰ ডাঙৰ বিল আছিল। বিলখনৰ পানী কেতিয়াও নুশুকাইছিল। তাত বহুতো মাছ কাছই বাস কৰিছিল৷

 জহ কালি বিলখনলৈ বহুদূৰণিৰ পৰা অসংখ্য চৰাই চিৰিকতি আহিছিল

আৰু ওচৰৰ হাবিখনতে বাস কৰিছিল। সেই বিলখনতে ‘পানী খাইছিল আৰু গা ধুইছিল।

 সেই বিলখনতে বাস কৰা মাছ এটিয়ে দূৰণিৰপৰা আহি থাকিবলৈ লোৱা চৰাই এটিৰ লগত সখি পাতি ল’লে। দিনৰ দিনটো দুয়োটাই হাঁহি ধেমালি কৰি সুখ-দুখৰ কথা পাতি কটায়। চৰাইটে৷ বহু দূৰণিৰ পৰা অহা, সেয়েহে নানা ঠাইৰ নানা কথা সি মাছটোক সদৰি কৰি কৈ শুনায়।