গৃহস্থৰ বাঁহবাৰী ডৰাত শিয়াল এটাই বাস কৰিছিল। ছাগলী পোৱালি কেইটা দেখি তাৰ বৰ লোভ লাগিল। কিন্তু কুকুৰটোৰপৰা সি উপায় নোপোৱা হৈছে। তাৰ চোকা দাঁতকেইটা দেখিলেই তাৰ জীৱ উৰি যায় । শিয়ালে এটা বুদ্ধি পাঙিলে।
ছেগ বুজি এদিন শিয়ালটোৱে পথাৰত ঘাঁহ খাই থকা ছাগলীজনীৰ ওচৰলৈ গ'ল। নিৰাপদ দূৰত্বত বহি লৈ সি ক’বলৈ ধৰিলে—
—“তুমি সঁচাকৈ মহামূর্খহে।” ছাগলীজনীয়ে একো বুজি নেপালে। শিয়ালটোহে পুনৰ ক’লে— “সেই ফপৰা কুকুৰটোৰ কথা কৈছো। তাৰ লগত ইমান হলি-গলি কৰা ভাল হোৱা নাই। তোমাৰ ধুনীয়া পোৱালি কেইটাকো সাৱধান কৰি দিবা যাতে তাৰ লগত উমলি নাথাকে।”
“সি বৰ বিশ্বাসী আৰু মৰমিয়াল কুকুৰ।” ছাগলীজনীয়ে হাঁহি মাৰি ক'লে।
শিয়ালে ক’লে—“কুকুৰ কুকুৰেই। উঃ তাৰ গাৰ যিহে ওকালি অহা গোন্ধ।
ছাগলীজনীয়ে মুখতে ধৰিলে—
“সি এটা ভাল কুকুৰ। মোৰ পোৱালি কেইটাৰ ওপৰত দিনে নিশাই চকু ৰাখে।”
গহীন যেন দেখুৱাই শিয়ালে ক’লে— “সময়ৰ কথা সময়তে কৈ থলো। তাৰ যিহে খিঙ খিঙিয়া স্বভাৱ, পোৱালি কেইটা কেতিয়াবা বখলিয়াই থব, চাবা।”
এইবুলি শিয়ালে মিছা হুমুনিয়াহ এটা কাঢ়িলে আৰু উঠি গুছি আহিল৷
ছাগলীজনীয়ে বৰ ভয় খালে। পোৱালি কেইটালৈ তাইৰ বৰকৈ মনত পৰিল। ডিঙিত পঘাডাল নথকা হ’লে তাই গৈ ঘৰেই পালেগৈহেঁতেন।
শিয়ালটো নিতৌ ছাগলীজনীৰ ওচৰলৈ আহিবলৈ ল'লে। আৰু কুকুৰটোৰ বিৰুদ্ধে ছলাহী কথা লগাবলৈ ধৰিলে। ছাগলীজনী শিয়ালৰ কথাত ভোল গ'ল। তাই কেনেকৈনো কুকুৰটোৰপৰা ৰক্ষা পাব পাৰি তাৰে চিন্তাত পৰিল।
এদিন ছাগলীজনীয়ে সুবিধা বুজি টোপনিত লাল কালদি শুই থকা কুকুৰটোৰ চকুদুটা তাইৰ জোঙা শিঙেৰে খুচি থকা সৰকা কৰিলে। বেচেৰা কুকুৰটোৱে গমকে নেপালে।