এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মহামূৰ্খ
এজন গৃহস্থৰ এজনী ছাগলী আছিল। গৃহস্থজনে কিছুদিনৰ পিছত এটা
কুকুৰ পোৱালিও আনি পুহিবলৈ ল'লে। কুকুৰ পোৱালিটো বৰ সৰল আৰু
বঙীয়াল আছিল। সি অতি সোনকালেই ছাগলীজনীক নিজৰ বন্ধু পাতি ল'লে।
লাহে-লাহে কুকুৰ পোৱালিটো ডাঙৰ হৈ আছিল। ছাগলীজনীয়েও দুটা বৰ ধুনীয়া পোৱালি জন্ম দিলে। বৰ মিলা-প্ৰীতিৰে সিহঁত আটাইবোৰ বাস কৰিবলৈ ধৰিলে।
দিনত গৃহস্থই ছাগলীজনীক পথাৰত এৰাল দি থয়। ঘৰত পোৱালিদুটাক লৈ কুকুৰটোৱে ৰঙ ধেমালি কৰি কটায়। আটাইকেইটাই নিশা সুখ-দুখৰ কথা পাতে। তাৰ পিছত সিহঁতক শুবলৈ দি কুকুৰটোৱে পহৰা দি সাৰে থাকে।