২৫
গৰু-ছাগলী খেদি ভটুৱাই বুঢ়ীৰ ঘৰখন পহৰা দি থাকিল। বুঢ়ীৰ বেমাৰৰ ছল চাই দুবাৰমান চোৰেও চোপ লৈছিল। পিছে, ভটুৱাৰপৰা সাৰে ক’ত? একে চোচাই ঘৰৰ বাহিৰ কৰি থয়। গধূলিৰেপৰা পুৱালৈকে সি সতৰ্ক হৈ থাকে।
ভটুৱাৰ কামবোৰ দেখি তাৰপ্ৰতি বুঢ়ীৰ বেথা উপজিবলৈ ধৰিলে৷
বাঢ়ী লাহে লাহে ভাল হৈ আহিল। ভটুৱাক দেখি বুঢ়ীৰ বৰ বেজাব লাগিল। সি তেনেই শুকাই-খীণাই গৈছে। গা ভাল পাইয়ে বুঢ়ীয়ে বিধে-বিধে ৰান্ধি বাঢ়ি নিজেও খালে আৰু ভট্টুৱাকো বাতি ভৰাই খাবলৈ দিলে। বুঢ়ী ভাল হৈ উঠাত ভটুৱাৰ ৰঙতে তত্ নোহোৱা হ'ল।
বুঢ়ী ভাল হোৱাৰ উমান পাই ৰাঙী আহি ঘৰ পালেহি। মাছ গাখীৰ অকণ নহ'লে যে বুঢ়ীৰ পেটলৈ ভাতমুঠি নেযায় তাই ভালকৈ জানে। তাৰে ভাগ অকণ তাই পায়েই। তাইৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। কেতিয়ানো ভাত বাঢ়ে মনে মনে বাট চাই থাকিল।
বুঢ়ী ভাতৰ পাতত বহাৰ লগে-লগে মিহি মাতটিৰে ৰাঙী আহি কাষ পালেহি। আপদৰ দিনত আথাই সাগৰত পেলাই সুখৰ দিনত খোৱাৰ লোভতে লেৰেলা সাদৰ দেখুৱাবলৈ অহা ৰাঙীক দেখিয়ে বুঢ়ীৰ টিঙিচ্কৰে খঙ উঠি গ'ল।
হাততে পোৱা এছাৰি এডালেৰে বুঢ়ীয়ে ভালকৈ ৰাঙীক দুচাটমান লগাই দিলে।
তৰা-নৰা চিঙি ৰাঙী ঢাপলি মেলিলে। তাকে দেখি ভটুৱাই ভাবিলে— “খাই পাত ফলাৰ এনে দশাই হোৱা উচিত।
ভটুৱাই বুঢ়ীৰ লগত সুখেৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে।