পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱসৃষ্টিৰ কথা

 বহুকোটি বছৰৰ আগৰ কথা। পৃথিৱীত তেতিয়া কোনো প্ৰাণীৰ জন্মই হোৱা নাছিল। কেৱল গছ-গছনি, জান জুৰি আৰু পৰ্বত পাহাৰহে আছিল।

 এদিন ভগৱান বিষ্ণু লক্ষ্মীদেৱীৰ স’তে গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰি পকি আহি পৃথিৱী পালেহি। বিতোপন পৃথিৱীখনি দেখি লক্ষ্মীদেৱী মোহ গ’ল। তেওঁ বিষ্ণুক পৃথিৱীতে থাকিবলৈ প্ৰাৰ্থনা জনালে।

 ভগৱান বিষ্ণুৱে লক্ষ্মীদেৱীৰ কথা পেলাব নোৱাৰি পৃথিৱীতে থাকিবলৈ মান্তি হ’ল। ভগৱান বিষ্ণু দিনে নিশাই বিশ্বব্ৰহ্মাণ্ডৰ চিন্তাতে বুৰ গৈ থাকে। ইপিনে অকলে অকলে থাকি লক্ষ্মীদেৱীৰ আমনি লাগিবলৈ ধৰিলে। ছেগ বুজি এদিন তেওঁ বিষ্ণুক ক'লে—

 “হে সৃষ্টিকৰ্তা স্বামী, অকলশৰে থাকি মোৰ আমনি লাগিছে। আপুনি কিছুমান জীৱৰ সৃষ্টি কৰিব নোৱাৰেনে?”

 ভগৱান বিষ্ণুৱে কথাটো ভাবি চালে। তেওঁ সাতদিন সাতৰাতি ধ্যানত বহিল। তাৰ পিছত মানুহ, পশু-পক্ষী আদি নানা জীৱবোৰৰ সৃষ্টি কৰিলে। তাকে দেখি লক্ষ্মীদেৱীয়ে বৰ আনন্দ পালে। তেওঁ বিষ্ণুক ক’লে—

 “হে জগতৰ গৰাকী, আপোনাৰ সৃষ্টি এতিয়াহে সম্পূৰ্ণ হল।”

 দিনবোৰ পাৰ হ’বলৈ ধৰিলে। পিছে এটা ডাঙৰ আহুকালে দেখা দিলে। গছৰ ফল-মূলবোৰ কম হোৱাত জীৱবোৰৰ খোৱাৰ নাটনি পৰিল। লক্ষ্মীদেৱীয়ে বিষ্ণুক এই আহুকাল দূৰ কৰাৰ উপায় বিচৰিলে। বিষ্ণুৱে জীৱবোৰক উপদেশ দিলে—

 “তোমালোকে খোৱা-ফলবোৰৰ গুটিবোৰ মাটিত পুতি থবা।”

 মানুহবোৰেও তেওঁৰ উপদেশ মতে কাম কৰিলে। এটা সময়ত গুটিবোৰৰ পৰা লহ্‌পহ্‌কৈ গছবোৰ বাঢ়ি আহিবলৈ ধৰিলে। ফলেৰে গছবোৰ এদিন ভৰি